এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
কিবা কাৰ্য্য় ভাল মন্দ একো আৰ নজানয়
হোৱে আসি অসন্ত সমান।
পুৰুষাৰ্থ হোৱে হানি মৰা তুল্য সিটো প্ৰাণী
কহিলো তোমাত বিদ্যমান॥
বিষয়ত অতিশয় নিমজিল মন যাৰ
সিটো আৰ একো নজানয়।
বৃক্ষৰ জীৱন যেন মৃতকৰ তুল্য সিটো
ভাঠি যেন নিশ্বাস কাঢ়য়॥
(ৰত্নাকৰ ভাঃ, ৯৪২—৯৮৪)
⸻
(খ) নিবৃত্তি পথ
১। নিষ্কাম ভকতি একো বিঘ্নি নপাৱয়।
একান্তিক শ্ৰেয়স ইহাকে বুলি কয়॥
নিবৃত্তি লক্ষণ এহি ধৰ্ম্ম মুখ্যত্তম।
হৰি ভকতিসে ফল সমস্ত ধৰ্ম্মৰ॥
নুহিকে ধৰ্ম্মৰ অৰ্থ কাম আদি ফল।
হৰি-ভক্তি মহা ফল ধৰ্মৰ কেৱল॥
(ৰত্নাকৰ ভাঃ, ৮৭৫—৮৭৬)
⸻
স্বৰ্গ-সুখ
১। স্বৰ্গৰ সুখত বহু বিঘিনি আচয়।
হোৱে নাশ স্বৰ্গ হন্তে জানিবা নিশ্চয়॥