পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুবিধ ধৰ্ম্ম

১। বোলন্ত দুইবিধ ধৰ্ম্ম আছয় লোকৰ॥
 স্বৰ্গাদিৰ অৰ্থে যত কৰে ধৰ্ম্মগণ।
 সেই ধৰ্ম্ম জানিবাহা প্ৰবৃত্তি লক্ষণ॥
 যিটো ধৰ্ম্মে মাধৱত ভকতি হোৱয়।
 আকেসে পৰম ধৰ্ম্ম বুলিৱ নিশ্চয়॥

(ৰত্নাকৰ ভাঃ, ৮৭৪)

(ক) প্ৰবৃত্তি পথ।

১। বোলন্ত শুনিলা যিটো  প্ৰবৃত্তি পথক তুমি
  বেদে তাক নিবাৰ কৰয়।
 অনৰ্থৰ হেতু মাত্ৰ   কেৱলে প্ৰবৃত্তি পথ
  কহোঁ শুনিয়োক মহাশয়॥
 বিষয়ক গুণ বুদ্ধি   কৰিলাত পুৰুষৰ
  হোৱে তাত অতি আসকতি।
 নানা কাম মনোৰথ  হোৱে পাছে অতিশয়
  ক্ষেণেকো নাহিকে সুস্থমতি॥
 সিটো কাম মনোৰথ   ভঙ্গ কৰে যিটো নৰে
  তাৰ লগে কন্দল লাগয়।
 উপজে দুষ্মহ ক্ৰোধ  গুচয় সকলো বোধ
  শীঘ্ৰে আসি অজ্ঞানে গ্ৰাসয়॥