এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
গৃহ-বাস
১। ইটো গৃহ-বাস বন্দীশাল যেন দেখা।
পুত্ৰ-দাৰা ধন-ৰত্ন যেন জল-ৰেখা॥
মহা মোহ-নিহলক ভাঙ্গন নয়ায়।
কাম-ক্ৰোধে পাই আত নিতে কৰে টাই॥
নানাবিধ ব্যাধি কণ্ঠা-ছিঙ্গে * অপমান।
এহিমতে নিকাৰ ভুঞ্জন্তে যায় প্ৰাণ॥
আতো শত গুণ দুঃখ ঘোৰ যমপুৰ।
দূতৰ হাতত হুইবে সবে বুদ্ধি চুৰ॥
(ভক্তি প্ৰদীপ, ২৯১—২৯৩)
২। যিটো জ্ঞানী জিতেন্দ্ৰিয় আত্মাত ৰময়।
গৃহ-বাস দোষে বা তাহাঙ্ক কি কৰয়॥
(ৰত্নকৰ ভাঃ ৫৮২)
৩। কৃষ্ণ কথা শুনা সৰ্ব্বজনে।
উদ্ধাৰিয়ো কৃষ্ণৰ কীৰ্ত্তনে॥
মোক্ষ পাইবা গৃহবাসে থাকি।
জানি হৰি হৰি বোলা ডাকি॥
(কীৰ্ত্তন ১৮৫৪)
- কঠা-চেঙ্গি= পাঠান্তৰ।