পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১৫৷ বান্ধৱ মাধৱ উদ্ধাৰা বাপ।
 কতনো সহিবো সংসাৰ তাপ॥

(কীৰ্ত্তন ঘোষা, ১৯৫)

১৬। সংসাৰ সাগৰ ইটো পৰম দুস্তৰ।
 ইহাত পৰিয়া জীৱ আছে নিৰন্তৰ॥
 তিনিবিধ দুঃখে ভৈলা দাবানল প্ৰায়।
 কৰে অতিশয় পীড়া জীৱক সদায়॥
 হেন ভৱ-সিন্ধু তৰিবাক যিটো চাই।
 কৃষ্ণ-লীলা কথা বিনে আন নৌকা নাই॥

(ৰত্নাকৰ, ২৫২-২৫৩)

১৭। অথিৰ ধন জন   জীৱন যৌৱন
  অথিৰ এহু সংসাৰ।
 পুত্ৰ পৰিবাৰ   সৱহি অসাৰ
  কৰবো কাহেৰি সাৰ॥
 কমল দল জল   চিত্ত চঞ্চল
  থিৰ নোহে তিল এক।
 নাহি ভয়ো ভৱ   ভোগে হৰি হৰি
  পৰম পদ পৰতেক॥

(বৰগীত, ১৭)

১৮। সংসাৰ গৰ্ত্তে পৰি আছে লোক।
 মোহত অন্ধ নেড়ায় দুঃখ শোক॥