পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

হেন জানা সবে শোক-সন্তাপৰ ঘৰ॥
ক্ষেণেকে সংযোগ হৱে ক্ষেণেকে বিয়োগ।
মিছা বিষয়ত কিছু নাহি সুখ ভোগ॥
যেন ফেণসব হোৱে উঠি একঠাই
জলৰ বেগত বাজি তিলেকে মিলাই॥
বান্ধৱৰ সমাগম তেহ্ণয় অথিৰ।

(ৰামায়ণ, উত্তৰা কাঃ)

বিপুল অগনি ইটো অপাৰ সংসাৰ।
শোক দুঃখ ভয় আত তপত আঙ্গাৰ॥
বিষয় বিষৰ মাংস আছে আৰ মাজে।
তাত জাম্প দেই যেন বিড়াল নিলাজে॥

( একাদশ, ১৯৭১৪-১)

। কাৰ পুত্ৰ ধন-জন   নিমিষেকে হৱে ছন্ন
  শৰীৰ ক্ষণিক সমুদায়।
জলৰ পাকত বাজি   একস্থান হোৱে জাজি
  কতোক্ষণে এৰা এৰি হুই।
বান্ধৱৰ সমাগম   জানিবাহা সেই সম
  অসাৰ সংসাৰ কিছু নুই॥

(অষ্টম, ৯৫০)


। নাহিকে কিঞ্চিত সুখ অসাৰ সংসাৰ।
যেন বিষলতা ফলফুলে জাতিষ্কাৰ॥