এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সংসাৰ
১। প্ৰকৃতি আশ্ৰয়ী আছে আদি বৃক্ষ
সুখ দুঃখ দুই ফল।
তিনিগুণ মূল অৰ্থ চাৰি ৰস
শিপায়ে ইন্দ্ৰিয় বল॥
ছয় উৰ্ম্মী আত্মা সাতধাতু ছাল
শাখায়ে আঠ প্ৰকৃতি।
দশ বায়ু পাত ঈশ জীৱ দুই
পক্ষী থাকে তাত নিতি॥
হেনয় প্ৰকৃতি বৃক্ষ তোমাতেসে ওপজয়
মহা জ্ঞানীগণ তাক জানে।
মায়ায়ে মোহিত মন যিটো অপণ্ডিতগণ
তোমাক বিবিধ কৰি মানে॥
(দশম ৬১ - ৬৩)
। মহা মনোৰথ পৰম্পৰা অতিশয়।
হেনয় সংসাৰ মনতেসে হন্তে হয়॥
জীৱৰ সংসাৰ আসি হোৱে অজ্ঞানত।
পাৱে জীৱে সংসাৰৰ দুঃখ নানামত॥
( ৰত্নাকৰ ভাঃ, ১০২৪-২৫
৩। অসাৰ সংসাৰ ইটো দেখি মায়াময়॥
পুত্ৰ দাৰা ধন জন যত পৰিকৰ।