পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২।

 যিটো জন যায় মাধৱৰ নাম ধৰি।
পাছে পাছে ফুৰৈ দেৱদেৱী তুতি কৰি॥
মূৰ্ত্তিমন্ত হুয়া পাঞ্চ প্ৰকাৰ মুকুতি।
মোক লৈয়ো বাপ বুলি কৰন্ত কাকূতি॥

( একাদশ, ১৯৩১৬)।

৩।

 ভাই! মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ।
এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥

( কীৰ্ত্তন ঘোষা, ১১৩)।

৪৷

দৈৱকী উদৰে  উদয় যোহি দেৱা
 কয়লি ভকতক ত্ৰাণ।
অঘ বক ধেনুক  কেশী সবংশক
 কংসক ধবংশল প্ৰাণ॥
বিৰিন্দা বিপিন   বিহাৰ বিশাৰদ
 সাৰদ চন্দ্ৰ সমান।
সোহি জগত গুৰু  তেৰি সততে কৰু
 মুকুতি মঙ্গল বিধান॥

( কালীয়দমন যাত্ৰা, মুক্তি মঙ্গল)।

৫৷

 মীনৰূপে প্ৰলয় পয়সি
 সত্যব্ৰত যো তাৰিলে।
কূৰুমৰূপে। ক্ষীৰ সাগৰ
 মথনে যো ধাৰিলে॥