পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

দুৰন্ত কালৰ হাত নেড়ায় একো মতে।
তনু ওপজন্তে মৃত্যু ওপজে লগতে॥

(দশম, ৪৮৬— ৪৮৭)

৮।

 কালৰ বেগত ব্ৰহ্মাণ্ডৰো হোৱে ক্ষয়।
সাতো আৱৰণ অন্যো অন্যে যায় লয়॥
পৃথিবী জলত পশে উদকতে যত।
তেজো পশে বায়ুত পৱনো আকাশত॥
পশে অহঙ্কাৰত আকাশো গৈয়া পাছে।
ইন্দ্ৰিয় দেৱতা মন আনো যত আছে॥
মহত্ত্বত পশে অহঙ্কাৰো বৃত্তিহীন।
প্ৰকৃতিত আপুনি মহত্তত্ব যায় লীন॥
ঈশ্বৰৰ লীলাত জগতে নাশ হয়।
কটাক্ষতে কোটী কোটী ব্ৰহ্মাণ্ডৰো লয়॥
পুৰুষ প্ৰকৃতি বৃত্তিহীন হুয়া থাকে।
জ্ঞানীগণে প্ৰকৃত প্ৰলয় বোলে আকে॥

(দ্বাদশ, ১৬৮—১৭০)

৯।

 পৰম অতৰ্ক গতি কাল ঈশ্বৰৰ।
দৈৱৰ অধীন সমাগম বান্ধৱৰ॥
কৈৰ পৰা আনি জীৱ কৰে এক ঠাই।
ক্ষণেকতে পুনুহো পৈহ্লাৱে বিদুড়াই॥
জলৰ বেগত এক থান হোৱে ফেন।
ক্ষণেক থাকিয়া ক্ষণেকতে মিলে যেন॥