পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

ঈশ্বৰ কালেসে হৰে জগতৰে আয়ু।
সংসাৰত ভ্ৰমাৱৈ মেঘক যেন বায়ু॥
ধন জন জীৱন তিলেকে কৰে ছন্ন।
কালক তৰ্কিবে হেন নাহি একো জন॥
অতি অঘটনকো ঘটাৱে- কালে আনি।
পৰম আশ্চৰ্য্য ই যে শুন সবে প্ৰাণী॥

(প্ৰথম, ১৩৯—১৪০)

২।

 ইটো কাল-নদী মাজে  ভাগি যান্ত যত জীৱ
 তাৰো মাজে মাজে কতো তৰে।

(দশম, ১৭৪৩)

৩।

 দিনে দিনে আয়ু হৰে মৃত্যু চাপে পাশ।
একে তিলে কালে কৰিবেক সৰ্ব্বনাশ।৷
থাকিবে শৰীৰ এৰি ঐত দান্ত তৰি।
পুত্ৰ-ভাৰ্য্যা এৰি যাইবে যাতনাক লৰি।৷

(প্ৰথম, ৩৯৯)

৪।

 নমো নমো কৃষ্ণদেৱ  তযু পাৱে কৰো সেৱ
 মোক আসি পাইলে অন্তকাল।
কেশচয় পকি গৈল  দন্ত সব জীৰ্ণ ভৈল
 সোটোৰা সোটোৰ ভৈল ছাল॥
নয়নে বহয় নীৰ  শৰীৰ নুহিকে স্থিৰ
 বাক্য মোৰ নবজাই ভাল।