পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰকাশকৰ নিবেদন—

 আমাৰ অসমীয়া সাহিত্য আৰু ভাষাতত্ত্বত সুপণ্ডিত বয়োবৃদ্ধ আৰু জ্ঞানবৃদ্ধ ৰায় বাহাদুৰ শ্ৰীযুত কালিৰাম মেধি এম, এ, ডাঙৰীয়াৰ সংগৃহীত মহাপুৰুষ শঙ্কৰদেৱৰ বাণী অসমীয়া বৈষ্ণৱ সাহিত্যৰ এটি ডাঙৰ সম্পদ। মেধি ডাঙৰীয়াৰ এইটো আশাশুধীয়া যত্নৰ কীৰ্ত্তিস্তম্ভ।

 বহুদিন আগতেই দুজনা মহাপুৰুষৰ অমূল্য গ্ৰন্থ- ৰাজিৰ সাৰ সংগ্ৰহ দেশ-বিদেশত প্ৰচাৰিত হৈ উঠা উচিত আছিল; যাহোক আজীৱন সাহিত্য-সেৱী মেধি ডাঙৰীয়াৰ যত্নত এজনাৰ অমূল্যবাণী বা মহাপুৰুষীয়া ধৰ্ম্মৰ তত্ত্বকথা সংগৃহীত হোৱাত দেশৰ এটা ডাঙৰ অভাৱ পূৰ্ণ হল। এইবাবে তেখেত গোটেই জাতিৰেই প্ৰশংসা-ভাজন হৈ উঠিছে।

 এতিয়া আমাৰ দেশৰ কোনো দেশ হিতৈষী সুযোেগ্য় লোকে ইয়াকে হিন্দী আৰু ইংৰাজীত অনুবাদ কৰি অসমীয়া সাহিত্যৰ অমৃত গোটেই পৃথিবীতে প্ৰচাৰ হোৱাৰ সহজতে ব্যৱস্থা কৰিব পাৰে।