পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


সবাতে ঈশ্বৰ-দৃষ্টি ভৈলা আসি যেৱে।
গুচিবে সংশয় কৃতকৃত্য হুইবা তেৱে॥
সৰ্ব্ব সাধনতে ইটো মহা মুখ্যত্তম।
× × × ×
আছন্ত বহুত যদি মোক্ষৰ উপায়।
মুখ্যত্তম পাঠ আত পৰে আন নাই॥

(ৰত্নাকৰ ভাঃ, ৪৮৯- ৪৯৪)



৩৷মোকেসে দেখিবে মাত্ৰ সমস্ত প্ৰাণীত॥
আপোনাত দেখিবে ঈশ্বৰ অন্তৰ্য্যামী।
জান-দৃষ্টি কৰি মোক ফুৰিবা প্ৰণামি॥

(একাদশ, ১৯৩৭৭–১৯৩৭৮)



৪। কুক্কুৰ চণ্ডাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পড়ি কৰিবা প্ৰণাম॥
সমস্ত ভূতত বিষ্ণু-বুদ্ধি নোহে যাৱে।
কায়-বাক্য-মনে অভ্যাসিবা এই ভাৱে॥
বিষ্ণুময় দেখে যিটো সমস্ত জগতে।
জীৱন্তে মুকুত হোৱে অচিৰ কালতে॥
সমস্ত প্ৰাণীক দেখিবেক আত্ম সম।
উপায় মধ্যত ইটো অতি মুখ্যত্তম॥

(কীৰ্ত্তন; ১৮২৩-১৮২৫)