এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
স্ৰজিয়া জগত সদা থাকা তাতে
অতি উদাসীন ভাৱে।
নুহিকে আকুল সংসাৰৰ দোষে
তাহাঙ্ক একো নপাৱে॥
তানে একো দোষে জীৱ আত্মা সিটো
দেহধাৰী ভৈলা আসি।
ব্যয় আছে তাৰ অব্যয় হোৱয়
জীৱ নিত্য অবিনাশী॥
সুখ-দুঃখময় মায়া-মোহ-পাশে
ভৈলা অতি বিমোহিত।
কৰ্ম্ম-জৰী-বন্ধ হুয়া সংসাৰত
পৰি দুঃখ পাৱে নিত॥
ঈশ্বৰত কৰি জীৱ ভিন্ন নুহি
শান্ত অধিকাৰী হয়।
ভ্ৰান্তিয়ে অজ্ঞান আৱৰিত হুয়া
আপোনাক নজানয়॥
(ৰত্নাকৰ ভাঃ, ৭৬৩-৭৬৮)
⸻ ⸻