পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৯৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পড়ি কৰিবা প্ৰণাম॥

কীৰ্ত্তন, ১৮২৩৷

 তেনে পণ্ডিতৰ শত্ৰু-মিত্ৰ-জ্ঞান নাথকে। তেওঁ পৰমাত্মাৰ (ব্ৰহ্মৰ), স্বৰূপ জানিব পাৰি নিজকে ব্ৰহ্মৰপৰা অভিন্ন বুলি উপলব্ধি কৰে।

 বৰ্ণ-বিচাৰ জাতি-ভেদ-সদ্ভুত অজ্ঞান মোহৰ কাম৷ মোহৰপৰাই তিনি গুণৰ (সত্ব, ৰজ, তম) উদ্ভৱ হয়। যিলোক নিৰ্গুণ আৰু নিৰ্ব্বিকাৰ তেওঁ সকলোতে সাম্য ভাৱ দেখে। যোনে সাম্যভাৱ ধৰিব পাৰে তেনে পণ্ডিতে কেতিয়াও কাকো নীচ বা উন্নত জ্ঞান কৰিব নোৱাৰে; নিজ আত্মাক পৰৰ আত্মাৰপৰা পৃথক বুলিও ভাবিব নোৱাৰে। যি মানুহে নিকৃষ্ট বৰ্ণক ভিন্ন আত্মা আৰু নীচ জাতি বুলি ঘৃণা কৰে তাৰ সেইটো মহাভ্ৰম ভিন্ন আন একো নহয়। আত্মজ্ঞ লোকে কেতিয়াও কাৰো প্ৰতি বিদ্বেষ বা তুচ্ছ ভাব আচৰণ কৰিব নোৱাৰে। যোনে আনক নীচ বুলি ঘৃণা কৰে তেনে লোকে কেতিয়াও ঈশ্বৰৰ ইচ্ছা আৰু জ্ঞানৰ অৰ্থ বুজি নাপায়।

 এতেকে জনা যায় যে ঈশ্বৰৰ সৃষ্টিত জাতি-ভেদ নাই আৰু জ্ঞানী আৰু পণ্ডিতৰ মাজতো সি থাকিব নোৱাৰে