পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

আকৌ, বৃহত্তৰ হিন্দু সমাজত এই আচাৰ ইমান বদ্ধমূল হৈছিল যে শ্ৰাদ্ধাদি ক্ৰিয়াৰ বাহিৰত থকা সম্প্ৰদায়সকলক (যেনে, আৰ্য্য সমাজ, ব্ৰাহ্মণ সম্প্ৰদায়) হিন্দু বুলি গণ্য নকৰিছিল৷ তেনে সম্প্ৰদায়ৰ অৱস্থা বৰ্ত্তমানত বৰ বেয়া। মহাপুৰুষে হিন্দু সমাজৰ বাহিৰ হব নুখুজিছিল।

 ৫। জাতি-ভেদ—মহাপুৰুষ শঙ্কৰদেৱৰ শাস্ত্ৰৰ- পৰা জনা যায় যে ভকতৰ জাতি-ভেদ থাকিব নোৱাৰে। যেনে,—

সিটো চণ্ডালক গৰিষ্ঠ মানি।
যাৰ জিহ্বাগ্ৰে থাকে হৰি-বাণী॥ (কীৰ্ত্তন, ১১২)
কুকুৰ খায় হেন ম্লেচ্ছগণে।।
সিয়ো শুদ্ধ হোৱে হৰি-কীৰ্ত্তনে। (কীৰ্ত্তন, ১১৮)
চণ্ডালে হৰিনাম লোৱে মাত্ৰ।
কৰিবো উচিত যজ্ঞৰ পাত্ৰ (কীৰ্ত্তন, ১১৯)।

 আগেয়ে সকলো সত্ৰতে সকলো জাতিৰ ভকতৰ প্ৰবেশাধিকাৰ আছিল। কালক্ৰমে মহাপুৰুষীয়া ধৰ্ম্ম- বিৰোধী লোকৰ প্ৰভুত্বত এই অধিকাৰ কিছু পৰিমাণে হ্ৰাস হৈ আহিছে; কিন্তু একেবাৰে লোপ পোৱা নাই। গাৰো, গোট আদি ম্লেচ ইমান কি মুচলমানো, এই