পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

মুক্ত কৰিম, শোক নকৰিবা। এয়ে গীতাৰ সাৰ মৰ্ম্ম। এই মতে কৰ্ম্ম আৰু জ্ঞানৰ কোনো আৱশ্যক নাই। ভক্তি আৰু এক শৰণেই মানৱৰ পৰম ধৰ্ম্ম।

 (ক) স্বৰ্গ-বৈকুণ্ঠ—ওপৰত দেখুৱা হৈছে যে স্বৰ্গৰপৰা জীৱৰ পুনৰাৱৰ্ত্তন হয়। গীতাই আৰু কয়,— “ব্ৰহ্মলোকাদি সকলো লোক নিবাসীসকলৰেই পুণৰাৱৰ্ত্তন হয়। কেৱল মোক ( ঈশ্বৰক) লাভ কৰিলে পুনৰ্জন্ম নহয়। ( গীতা, ৮|১৬ )।’’ আকৌ, যি সকলে অনন্যচিত্ত হৈ মোক চিন্তা কৰে, তেনে উপাসকসকলে মোক পাই সকলো দুখৰ আলয় স্বৰূপ পুনৰ্জন্ম গ্ৰহণ নকৰে (গীতা, ৮|১৫ )” আৰু সেই পৰম অক্ষয় অৱ্যক্ত সত্তা ৰূপক শ্ৰুতি-স্মৃতিয়ে জীৱৰ পৰম গতি বুলিছে। সেই সত্তাৰূপ ভাৱ পালে জীৱৰ পুনৰ্জন্ম নহয়। সেয়ে মোৰ সৰ্ব্বোৎকৃষ্ট ধাম— গীতা, ৮|২১'।

 (খ) নিত্য নৈমিত্তিক কৰ্ম্ম— নিত্যকৰ্ম্ম অৰ্থাৎ সন্ধ্যা, উপসনাদি কৰাত কাৰো কোনো আপত্তি থাকিব নোৱাৰে। নৈমিত্তিক কৰ্ম্মৰ অৰ্থাৎ জাতকৰ্ম্ম, শ্ৰাদ্ধাদিৰ

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

  • গীতা ভাষ্যৰ উপক্ৰমণিকাত শ্ৰীশঙ্কৰাচাৰ্য্যই লেখিছে :—

 “তচ্চ সৰ্ব্বকৰ্ম্মসংন্যাস পূৰ্ব্বকাদাত্মজ্ঞাননিষ্ঠা ৰূপাকৰ্ম্মাদ্ভৱতি৷’’

আকৌ,

“জ্ঞানসংন্যাসলক্ষণমিতিচ ইতাপি চান্ত উক্তমৰ্জ্জুনায়-
সৰ্ব্বধৰ্ম্মান্ পৰিতাজ্য মায়েকং শৰণং ব্ৰজ— ইতি।”