পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 আনপক্ষে মেক্সমুলাৰ, বাৰ্থ, কেইথ্ মেকডনেল আদি পণ্ডিতে এই মত স্বীকাৰ নকৰে। তেওঁলোকে কয় উপনিষদৰ “কৃষ্ণ-দেবকীপুত্ৰ” আৰু মহাভাৰতৰ “কৃষ্ণ-বাসুদেৱ” একে নহয়; প্ৰথম জন মানুহ, দ্বিতীয় জন দেৱতা। যিসকলে উভয়কে একে বুলি কয়, তেওঁলোকে কৃষ্ণ দেৱতাক দেৱত্বৰপৰা নমাই আনি সামান্য মানুহ কৰিবলৈ চেষ্টা কৰিছে মাথোন। শ্ৰীকৃষ্ণক মনুষ্য কৰিবলৈ ওপৰোক্ত পণ্ডিতসকলেই চেষ্টা কৰা নাই, গীতাৰ সময়তো তেনে চেষ্টা হৈছিল। আমি পাওঁ :—

“অৱজানন্তি মাং মূঢ়া মানুষীং তনুমাশ্ৰিতম্।
পৰং ভাৱমজানন্তো মম ভূত মহেশ্বৰম্”॥

(গীতা, ৯৷১১)

অৰ্থাৎ, “অবিবেকী মানুহবোৰে মোৰ সৰ্ব্বভূত মহেশ্বৰ স্বৰূপ পৰমাৰ্থ তত্ত্ব নাজানি মোৰ মনুষ্য মূৰ্ত্তিক অৱজ্ঞা কৰে।”

 এই বিষয়ে দুই এটি কথা উল্লেখযোগ্য :— উপনিষদমতে কৃষ্ণ-দেৱকী পুত্ৰই ঘোৰ অঙ্গিৰসৰপৰা কেৱল—“তপোদানমাৰ্জ্জৱং অহিংসা সত্যবচনম” ( ছান্দ,

৩৷১৭৷৪, অৰ্থাৎ তপ, দান, সৰলতা, অহিংসা আৰু