পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
পুৰুষ শঙ্কৰদেৱৰ বাণী

আকৌ, মহাভাগৱতত শ্ৰীকৃষ্ণই উদ্ধৱক কৈছে :—

এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ।
যি জানা শুনা সৱে এড়া আন গ্ৰন্থ॥
একে মোত মাত্ৰ তুমি লৈয়োক শৰণ।
নকৰিবা ভয় মঞি কৰিবো ৰক্ষণ॥

(একাদশ, ১৮৮)

আকৌ, মহাপুৰুষ শঙ্কৰদেৱে মহাভাগৱতত কৈছে :—

“অন্য দেৱী দেৱ  নকৰিবা সেৱ
 নাখাইবা প্ৰসাদ তাৰ।
মূৰ্ত্তিকো নাচাইবা  গৃহো নপশিবা
 ভক্তি হৈবে ব্যভিচাৰ॥
একে কৃষ্ণ দেৱ  কৰিয়োক সেৱ
 ধৰিয়ো তাহান নাম।
কৃষ্ণ দাস হুয়া  প্ৰসাদ ভুঞ্জিয়া
 হস্তে কৰা তান কাম॥

(দ্বিতীয়, ১২৪-১২৫)

এয়ে এক শৰণ ধৰ্ম্ম।

 কোনো কোনো পাশ্চাত্য, আৰু ভাৰতীয় পণ্ডিতে কয় যে কৃষ্ণ বসুদেৱ আৰু কৃষ্ণ দৈৱকীৰ পুত্ৰ, সামান্য