পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৩
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।


বুজায়। উপৰি সাত জন্মত বেদ নেদেখা আৰু বেদৰ তত্ত্ব বুজি নোপোৱা জীৱে এই জন্মতে গুৰুৰ কৃপা বিনে পৰমাৰ্থ তত্ত্ব জানিব নোৱাৰে।

 [২৬৪ পৃঃ] ২নং ফকৰা, সুকাজত বিকাজ হল— যেনেকৈ প্ৰহ্লাদ মাকৰ গৰ্ভত থাকোতে নাৰদে দিয়া তত্ত্ব-উপদেশ মাকৰ কোনো কামত নাহিল, কিন্তু পুত্ৰ প্ৰহ্লাদে দিৱ্যজ্ঞান লাভ কৰিলে, সেই দৰে তত্ত্ব- উপদেশ অপাত্ৰক দিলে কোনো ফল নহয়; কিন্তু উপযুক্ত পাত্ৰত পৰিলে তাৰ ফল ধৰে।

 [২৬৪ পৃঃ] ৩নং ফকৰা, এডালি বৃক্ষেই আছে জগতকে জুৰি— গীতাত আছে :—

উৰ্দ্ধমূলমধঃশাখমশ্বত্থং প্ৰাহুৰব্যয়ম্।
ছন্দাংসি যস্য পৰ্ণানি যস্তংবেদ স বেদৱিৎ॥”

(গীতা, ১৫।১)

 অৰ্থাৎ এই সংসাৰৰূপ আহঁত গছৰ মূল ওপৰৰ ফালে আৰু শাখা তলৰ ফালে; ই অব্যয় আৰু কৰ্ম্ম কাণ্ডৰূপ বেদ ইয়াৰ পাত। যোনে এইটো জানে তেঁৱে বেদবেত্তা।

 ফকৰাৰ অৰ্থ এই — এক পৰম ব্ৰহ্মই জগতক ব্যাপি আছে তাৰ ভৰি সকলোৰে ওপৰত আৰু