পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


৬। নাহি ক্ষয় বৃদ্ধি যিটো জন্ম মৃত্যু হীন।
সমস্ততে সাক্ষীৰূপে আছা উদাসীন॥
যদ্যপি আছন্ত ইটো জগত বিয়াপি।
নোচোৱে দেহৰ দোষে তাহাঙ্ক তথাপি॥
জ্ঞান মাত্ৰ ৰূপ নিত্য নিৰঞ্জন কায়।
থাকা সৰ্ব্বকালে সৰ্ব্ব দেহতে সদায়॥
ইন্দ্ৰিয়েসে কৰে তাঙ্ক বিবিধ ভাবনা।
যেন এক প্ৰাণ তাৰ বিবিধ কল্পনা॥
নাহিকে বিকাৰ যাৰ সদা সুখময়।
তাহাঙ্ক জানিলে পাপ-তাপ হোৱে ক্ষয়॥
ভকতৰ পৰম সুহৃদ প্ৰাণ সম।
তাহাঙ্কে বোলয় ব্ৰহ্ম জানা নৃপোত্তম॥

(নিমি নৱসিদ্ধ, ১৮৯-১৯১)


৭। কৰন্ত যেখনে ইটো সৃষ্টি অন্ত।
তেখনে বোলয় মাধৱক ভগৱন্ত॥

(তথা ১৮০)


৮। কোটি কোটি ব্ৰহ্মাণ্ডৰ  যত্ জীৱ সমস্তৰ
 একে মাত্ৰ আশ্ৰয়ৰ স্থান।
সৃষ্টি স্থিতি প্ৰলয়ৰ  হেতু যিটো মহেশ্বৰ
 আশ্ৰয় কহিলো ভগৱান॥

(দ্বিতীয়, ৬৭২)