উপনিষদতো আছে (“শন্নো বিষ্ণুৰুৰুক্ৰমঃ” তৈত্তি, ১৷১)৷
ৰাম, হৰি, মাধৱ, নাৰায়ণ আদি নামো সেই এক ঈশ্বৰৰে।
[১৯২ পৃঃ] গুৰু—আচাৰ্য্যক ঈশ্বৰৰ নিচিনা দেখিব*৷ প্ৰধান গুৰু তিনি জন :—জন্মদাতা পিতৃ আদ্যগুৰু; সন্ত বেদজ্ঞ ব্ৰাহ্মণ দ্বিতীয় গুৰু আৰু ভক্তি জ্ঞানদাতা তৃতীয় গুৰু। তৃতীয় বিধ গুৰু ঈশ্বৰ তুল্য। শ্ৰীকৃষ্ণ জগতৰে গুৰু :—
জগতৰে মহাগুৰু কৃষ্ণ ভগৱন্ত।
ব্ৰহ্মাদিও যাৰ পাদ-পদ্মক সেৱন্ত॥”
(ৰত্নাকৰ, ৭৫৩)।
[৪ দফা ] মহাত্মা কবীৰে কৈছে :—
“কবীৰ গুৰু গোবিন্দ দ্বৌখাড়ে, কাকে লাগো পায়,
বলিহাৰী গুৰু আপনে, যিনহ গোবিন্দ দেখায়।’’
অৰ্থাৎ গুৰু আৰু গোবিন্দ দুয়ো ঠিয় হৈছে, এতিয়া কাৰ চৰণত ধৰোঁ৷ গুৰুই শ্ৰেষ্ঠ, কিয়নো তেঁৱে গোবিন্দক চিনাই দিছে।
[ ১১৫ পৃঃ ] ভকত, ৮দফা—মহাভাগৱতত আছে:—
“যস্যাহত্মবুদ্ধিঃ কুণপে ত্ৰিধাতুকে
স্বধীঃ কলত্ৰাদিষু ভৌম ইজ্যধীঃ।
ভাগৱত, ১১৷১৭৷৩ দেখা।