পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 [ ১৫৬ পৃঃ ] একশৰণ—ভগৱন্তই গীতাত কৈছে :— “সৰ্ব্ব ধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ।” (গীতা,১৮৷৬৬) অৰ্থাৎ তুমি সকলো ধৰ্ম্ম পৰিত্যাগ কৰি কেৱল মোত শৰণ লোৱা।

 উপনিষদেও কয়—“তং হ দেৱমাত্মবুদ্ধিপ্ৰকাশং মুমুক্ষুৰ্ৱৈ শৰণমহং প্ৰপদ্যে” —(শ্বেতাশ্বতৰোপনিষদ, ৬৷১৮)

 অৰ্থাৎ, সেই আত্মবুদ্ধিপ্ৰকাশ ঈশ্বৰত মই সংসাৰ-সাগৰ পাৰ হবলৈ ইচ্ছা কৰি শৰণ লওঁ।

 “শৰণ”ৰ অৰ্থ আশ্ৰয়। মহাপুৰুষ মাধৱদেৱে এই অৰ্থ প্ৰকাশ কৰিছে :—

যেনে, “তীৰ্থ-পদ ভগৱন্ত কৃষ্ণৰ চৰণে৷
 সৰ্ব্বভাৱে আশ্ৰয় কৰিলে যিটো জনে॥
 সিটো সাধুসৱৰ সুলভ সৰ্ব্ব সুখ।
 তৰিল অযত্নে ইহ পৰলোক দুখ॥“

(ৰত্নাৱলী, ১১৫১ )



আকৌ, “বোলন্ত বিদুৰ শুনা ব্যাসৰ তনয়৷
 হৰি পদযুগ যিটো কৰিল আশ্ৰয়॥
 ঘোৰ সংসাৰৰ তিনি তাপ বিপৰীত।
 সিটো সাধু মনুষ্যক নপাৱে বাধিত॥”

(ৰত্নাৱলী, ১১৫৩)।