পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


 সখিত ভাৱত গৰ্ব্ব আহে। গোপীসকলে শ্ৰীকৃষ্ণৰপৰা সখিত্বৰ মহামান পাই গৰ্ব্বিত হৈ তেওঁক অৱজ্ঞা কৰিছিল। সেই দেখি তেওঁ গোপীসকলৰ মাজৰ- পৰা অন্তৰ্দ্ধান হৈছিল। ফলত গোপীসকলে নিশা জঙ্গলৰ মাজত ভগৱন্তক বিচাৰি কান্দি ফুৰিছিল।

 অৰ্জ্জুনৰ লগতো শ্ৰীকৃষ্ণৰ সখ্যভাৱ হৈছিল আৰু পৰস্পৰে সমান ব্যৱহাৰ কৰিছিল। কিন্তু অৰ্জ্জুনৰ গৰ্ব্ব হোৱাত শ্ৰীকৃষ্ণে তেওঁৰ গৰ্ব্ব চুৰ কৰিছিল—বিপ্ৰ- পুত্ৰক ৰাখিবলৈ অঙ্গীকাৰ কৰাত। পুত্ৰৰ মৃত্যুত ব্ৰাহ্মণে কৈছিল :—

“মই হেন মূৰ্খ দেখিয়োক সৰ্ব্বজনে।
কৰিলো সঞ্জাত নপুংসকৰ বচনে॥
সবংশে কেশৱে নপৰিলা ৰাখিবাক।
আৰ কোনে পৰিত্ৰাণ কৰিবে তাহাক॥
বিধিৰ বিপাকে যিটো দৈবে ভৈলা নাশ।
কিনো মূৰ্খ তই তাক ৰাখিবাক চাস॥
ধিক ধনঞ্জয় ধিক গাণ্ডীৱ তোমাৰ।
মিছা কাৰ্য্যে কিসক কৰিলি অঙ্গীকাৰ॥”

কীৰ্ত্তন, ১৫৪২-৪৪)

 শেষত ভগৱন্তই অৰ্জ্জুনক এই অপমানৰপৰা কিছু পৰিমাণে উদ্ধাৰ কৰি , বিপ্ৰৰ মৃত

২৭