[১২১ পৃঃ ] ধ্যান—কোনো কোনো ধৰ্ম্মপ্ৰচাৰকে, স্মৰণকে ধ্যান বুলিছে ( ভট্টদেৱৰ ভক্তি বিবেকৰ দশম পৰিচ্ছেদ দেখা)।
[ ১২৩ পৃঃ ] ভজন—পৰমেশ্বৰ সকলো জীৱৰ প্ৰতি সমান। তেওঁৰ শক্ৰ মিত্ৰ কেও নাই। যোনে ভক্তিৰে সৈতে তেওঁৰ ভজনা কৰে তেৱেঁই তেওঁত অৱস্থিত কৰে আৰু তেওঁকে ঈশ্বৰে অনুগ্ৰহ কৰে *। বেদত আছে “বিষ্ণোঃ সুমতিং ভজামহে।” (ঋক, ১৷১৫৩৷৩) অৰ্থাৎ বিষ্ণুক প্ৰশংসা বচনেৰে ভজোঁ৷
[১২৬ পৃঃ ] অৰ্চ্চন—যোনে পাত, ফুল, ফল বা পানী— যিহকে ভক্তিৰে সৈতে ভগৱন্তক দান কৰে, ভগৱন্তে শুদ্ধ চিত্তে দিয়া সেই বস্তুকে প্ৰীতিৰে গ্ৰহণ কৰে † কিন্তু অৰ্চ্চন ভক্তি নিকৃষ্ট।
[ ১২৭ পৃঃ ] পাদ-সেৱন— পাদ-সেৱনক নিষেবনো বোলে। তাৰ অৰ্থ পৰিচৰ্য্যা বা উপাসনা। মহাপুৰুষ
- সমোহহং সৰ্ব্বভূতেষুে ন মে দ্বেষ্যোহস্তিন প্ৰিয়ঃ।
যে ভজতি তু মাং ভক্ত্যা ময়ি তে তেষু চাপ্যহম্॥
(গীতা, ৯৷২৯)।
† পত্ৰং পুষ্পং ফলং তোয়ং যো মে ভক্ত্যা প্ৰযচ্ছতি।
তদহং ভক্ত্যুপ্হৃতমশ্নাম প্ৰযতাত্মনঃ॥ গীতা, ৯