পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


ভজনৰ অৰ্থ উপাসনা বা ভক্তি, পদ-সেৱনৰ অনুৰূপ।
[১০০ পৃ:] ভাগৱতী ভক্তি—ৰত্নাৱলীতো আছে :—

“সেহিমতে ইন্দ্ৰিয়ৰ বৃত্তি নিৰন্তৰে।
বিষয়ক এড়িয়া বিষ্ণুত ৰতি কৰে॥
নকৰে কামনা ভকতিক তেজি আন।
তাকে বুলি ভাগৱতী ভকতি প্ৰধান॥”

(ৰত্নাৱলী, ৪৮)

[ ১০১ পৃঃ ] অব্যভিচাৰিণী ভক্তি—মাধৱদেৱ
পুৰুষে কৈছে :—

“সেহিমতে বিষয়ত মাত্ৰ যাৰ চিত্ত।
অব্যভিচাৰিণী ভক্তি কৰে কথঞ্চিত॥
তথাপি সমস্তে পাপ ভস্ম কৰে তাৰ।
আশ্চৰ্য্য মহিমা দেখা ভক্তিৰ আমাৰ॥
এতেকে উদ্ধৱ মোৰ ভকতি বিনাই।
এবম্বিধ কুশল আনত হন্তে নাই॥
নকৰয় বশ্য মোক কৰ্ম্ম-যোগ জ্ঞানে।
তপ ত্যাগ বেদ-মন্ত্ৰ জাপ্য তীৰ্থ-স্নানে॥
কেৱল ভক্তিসে মোক বশ্য কৰে নৰে॥
নাহিকে উত্তম পন্থ ভকতিত পৰে॥”

(ৰত্নাৱলী, ২২০-২২২)