পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

আকৌ’ “কৰ্ম্মত বিশ্বাস যাৰ হিয়াত থাকন্তো হৰি
 অতিশয় দূৰ হন্ত তাৰ।
 দূৰতো বিদূৰ হন্ত তাৰ॥
অহঙ্কাৰ থাকন্তেয়ো  সাক্ষাতে কৃষ্ণক পাৱে
 শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম্ম যাৰ॥”

(নামঘোষা, ৬)

আকৌ, “সংসাৰত যত ধৰ্ম্ম আছে শ্ৰেষ্ঠতৰ।
 সমস্ততে কৰি শ্ৰেষ্ঠ কীৰ্ত্তন কৃষ্ণৰ॥”

(ৰত্নাৱলী, ৬৮৬)

পুনঃ, “গুচয় অবিদ্যা হৰি কীৰ্ত্তন কৰন্তে।
 অনায়াসে হৱে মোক্ষ সংসাৰত হন্তে।”

(ৰত্নাৱলী, ৮২২)

আকৌ , “শ্ৰৱণ কীৰ্ত্তন আদি প্ৰধান ভকতি।
 তাকেসে কৰিবে মাত্ৰ বিবক্ষা সম্প্ৰতি॥
 শ্ৰৱণ কীৰ্ত্তন ধ্যান অৰ্চ্চন আদৰ।
 ইসৱ ভক্তিৰ ফল শুনা নিৰন্তৰ॥”

( ৰত্নাৱলী, ৪৬১)

পুণশ্চ, শ্ৰৱণাদি প্ৰধান ভকতি ভৈল যাৰ।
 নৰকাদি যাতনায়ো দুঃখ নোহে তাৰ॥

(ৰত্নাৱলী, ৪৮০ )