ওপৰত দুজনা গুৰুৱে মায়া-নিবৃত্তিৰ যি উপায় ভক্তি বুলি কৈছে সেই কথা ভাগৱত আৰু ভগবদ্গীতাতো পোৱা যায়, যেনে :—
“ভয়ং দ্বিতীয়াভিনিৱেশত স্যা—
বীশাদপেতস্য ৱিপৰ্যয়োহস্মৃতিঃ।
তন্মায়য়াহতো বুধ আভজেত্তং
ভৱত্যৈকষেশং গুৰুদেৱতাত্মা।" (ভাগঃ, ১১৷২।৩৭)
অৰ্থাৎ ভগৱন্তৰ মায়াৰ পৰাই ভয়ৰ উৎপত্তি হয়; তেওঁৰ মায়াৰ বলতে জীৱৰ স্বৰূপ-জ্ঞান উদয় হব নোৱাৰে; তাৰ পৰাই দেহাক আত্মা বুলি বুদ্ধিৰ বিপৰ্য্যয় ঘটে। সেই দ্বিতীয় অভিনিবেশৰ (বুদ্ধি বিপৰ্যয়্যৰ) পৰা ভয় ওপজে। এতেকে পণ্ডিতে গুৰুক ঈশ্বৰ আৰু আত্ম-স্বৰূপ দৰ্শন কৰি ঐকান্তিক ভক্তিৰে সেই পৰমেশ্বৰত সম্পূৰ্ণ ৰূপে ভজিব।
আকৌ ওপৰত উদ্ধৃত :—
দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া।
মামেৱ যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তিতে॥
(গীতা, ৭৷১৪)
অৰ্থাৎ এই মায়া, গুণময়ী আৰু দুৰতিক্ৰম্যা। তাৰ তৰণৰ একমাত্ৰ উপায় পৰমেশ্বৰত শৰণ আৰু ভজন৷