পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৬
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

 সাযুজ্য বা লীন মুক্তি ভক্তসকলে বাঞ্ছা নকৰে। তাৰ কাৰণ এই যে ব্ৰহ্মত লয় হোৱাৰ নিমিত্তে অস্থায়ী হলেও জীৱৰ নিজা কোনো অস্তিত্ব নাথাকে আৰু মুক্তিৰ প্ৰধান উপাদান অৰ্থাৎ আনন্দ জীৱে উপভোগ কৰিব নোৱাৰে।

 মুক্তিৰ প্ৰধান অঙ্গ চাৰিটা,—(১) পৰমেশ্বৰৰ সাক্ষাৎকাৰ, (২) পৰম আনন্দ, (৩) মায়া-তৰণ আৰু (৪) দুখ বা পুনৰ্জন্ম নিবৃত্তি।

 (১) সালোক্য, সাৰ্ষ্টি, সাৰূপ্য আৰু সমীপ্য মুক্তিত মুক্ত জীৱৰ বিষ্ণু দৰ্শন ঘটে। ইয়াৰ সমান মহাভাগ্য আৰু একো নাই। পাতালত বলিৰ জীৱন্ততে এই মহাভাগ্য—ভগৱৎ দৰ্শন লাভ হৈছিল। (২) পৰম আনন্দ মুক্তিৰ এটি প্ৰধান অঙ্গ।

 উপনিষদত কৈছে :—

 “ৰসো ৱৈ সঃ। ৰসং হ্যেৱায়ং লধ্বানন্দী ভৱতি কো হ্যেৱানুৎ কঃ প্ৰাণ্যাৎ॥” (তৈত্তিৰীয়োপনিষদ, ব্ৰহ্মানন্দ, ৭ম বল্লী)।

 অৰ্থাৎ, যোনে পূৰ্ণস্বৰূপ ব্ৰহ্ম; তেঁৱে তৃপ্তিৰ মূল ৰস দিওঁতা। জীৱাত্মাই এই ৰকম ৰস পাই আনন্দ যুক্ত হয়, যি ৰস আন কোনো কৰ্ম্মৰ পৰা পোৱা নাযায়। এই আনন্দই মুক্তিৰ পৰম লাভ।