পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

কালৰ বিক্ৰম প্ৰকৃতিৰ গুণচয়।
বৈকুণ্ঠপুৰত কদাচিত নাহিকয়।
সৰ্ব্বক্ষণে অখণ্ড আনন্দ জয় জয়।
কেৱল ভকত তাতে নিবাস কৰয়॥”

(ভাগ, দ্বিতীয়, ১৯৮-১৯৯

ৰূপ, “অতি আনন্দিত বিষ্ণুৰ স্থানে।
 সৱে চতুৰ্ভুজ পুৰুষ মানে॥
 যতেক ৰমনী লক্ষ্মী প্ৰত্যেক॥”

(কীৰ্তন, ২১৯-২২০ )

 কেৱল গলত কৌস্তুভ মণি নাথাকে।

 মহাপুৰুষ মাধৱদেৱে এই বিভাগ সম্বন্ধে কয় :—

“শুনিয়োক কহোঁ এবে কৰিয়া যুগুতি।
জীৱন মুকুতি আৰু পৰম মুকুতি॥
এই দুই ফল মহা মুকুতি প্ৰধান;
অন্য ফলান্তৰ যেন কহোঁ বিদ্যমান।
কৃষ্ণৰ শ্ৰীমন্ত কথামৃত যিটো জন।
কৰে ঘৰে বসি সুখে শ্ৰৱণ-কীৰ্তন॥
অনুবৃত্তি চিন্তি যিটো ভকতি বঢ়াৱে।
দুৰ্ল্লভ বৈকুণ্ঠ সিটো সুখে গৈয়া পাৱে॥।”

(ৰত্নাৱলী, ৪৭৪-৪৭৫)