পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

২১। ভূত প্ৰাণ ইন্দ্ৰিয়ৰ সবাৰো কাৰণ।
জগতকে স্ৰজা প্ৰভু তুমি নাৰায়ণ॥
এতেকেসে জগততে ভিন্ন তুমি স্বামী।
এতেকেসে আন ৰূপ নেদেখোহোঁ আমি॥
তুমিসি প্ৰকাশ কৰা কেৱলে সাক্ষাত।
কিঞ্চিতেকো ভেদ প্ৰভু নাহিকে ইহাত॥
এতেকে তুমিসি মাত্ৰ আনন্দ পৰম।
ভজিবাক যোগ্য প্ৰভু তুমিসি উত্তম॥
তুমিসি নিৰ্গুণ হৰি আনন্দ স্বৰূপ।
নেদেখোহো মই আত পৰে আনৰূপ॥

(ৰত্নাকৰ ভাঃ, ১১৬-১১৮)

২২। যত পঞ্চভূত দেৱ ইন্দ্ৰিয় প্ৰখ্যাত।
তোমাৰ মূৰ্ত্তিত হন্তে সব ভৈল জাত॥
তথাপি তোমাৰ ৰূপ নজানয় কেৱ।
ইটো জড় জগত চৈতন্য তুমি দেৱ॥
ব্ৰহ্মাকো কৰিলা বন্দী মায়াৰ গুণত।
নিৰ্গুণ গুণক আৱে জানিবে কিমত॥
যত বস্তু একোৱে নজানে আপোনাক।
জীৱ জড়কেসে জানে নজানে আত্মাক।
তোমাকেসে বোলে জ্ঞানী ব্ৰহ্ম নিৰঙ্কুশ।
সাংখ্যমতে বোলে তুমি প্ৰকৃতি পুৰুষ॥
ভকতৰ মতে তুমি পৰম ঈশ্বৰ।
মতি ভেদে তোমাকেসে পূজে নিৰন্তৰ॥