পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

 উপনিষদত আৰু পোৱা যায় :—

 “অদৃষ্টমৱ্যৱহাৰ্য্যমস্ৰাহ্যমলক্ষণমচিন্ত্যমৱ্যপদেশ্যমেকাত্ম প্ৰত্যয়সাৰং প্ৰপঞ্চোপশমং। শান্তং শিৱমদ্বৈতং চতুৰ্থং মন্যন্তে স আত্মা সঃ বিজ্ঞেয়ঃ॥” ( মাণ্ডুক্যোপনিষদ, ৭)

 অৰ্থাৎ প্ৰত্যক্ষ, অৱ্যৱহাৰ্য, অগ্ৰাহ্য, অলক্ষণ অচিন্ত্য অব্যপদেশ, একাত্মপ্ৰত্যয়সাৰ (অৰ্থাৎ চাৰিভাগ কল্পিত হলেও সকলো অৱস্থাতে অব্যভিচাৰী এক আত্মা ) প্ৰপঞ্চোপশম (অৰ্থাৎ প্ৰপঞ্চৰ শান্তি ৰশ্মি) শান্ত (নিৰুপদ্ৰব) শিৱ (কল্যাণ স্বৰূপ), অদ্বৈত (দ্বিতীয় ৰহিত) এনে (তেওঁৰ) চতুৰ্থ পাদ (অৱস্থা) বুলি পণ্ডিতসকলে মানে। সেয়ে আত্মা (সকলোৰে স্বামী); তেওঁ জানিবৰ যোগ্য।

 [ ৩, ৪ আৰু ৬ দফা ]—মহাপুৰুষ মাধৱদেৱেও তেনে উক্তি কৰিছে। ( ৰত্নাৱলীৰ, ৭৯২-৯৬ পদ দেখা।)

 [ ২৮পৃঃ ] জন্মান্তৰ—জ্ঞান, কৰ্ম্ম আদি সকলোৱে সত্ব, ৰজ, তমো এই তিনিওগুণৰ সম্বন্ধী। জীৱে নিজ কৰ্ম্মৰ ফল স্বৰূপে প্ৰতি গুণৰ উপযোগী নানাবিধ শৰীৰ ধাৰণ কৰি সংসাৰ-চক্ৰত ঘুৰি ফুৰে। নিজ নিজ কৰ্ম্মৰ ফল ভোগ কৰোঁতে দেৱ, মানৱ তাৰু তিৰ্য্যক জাতিৰ নানা যোনিত এবিধ শৰীৰৰপৰা গৈ আন এবিধ শৰীৰ ধাৰণ