জগত লৈ এটা জটিল সমষ্টি আৰু সেই দেখি বিশিষ্টাদ্বৈত বোলা হৈছে। শ্ৰীৰামানুজাচাৰ্য্যই কৰ্ম্মকাণ্ড মানে।
শ্ৰীশঙ্কৰদেৱে ঈশ্বৰ পূৰ্ণব্ৰহ্ম আৰু সেই পূৰ্ণব্ৰহ্মতে চৰাচৰ জীৱ আৰু ভূত বৰ্ত্তমান বুলি মানে *৷ তেওঁ ঈশ্বৰক বিশিষ্টাদ্বৈত বুলি নাভাবে। তেওঁ ঈশ্বৰক স্বামী আৰু জীৱক দাস বুলি মানে। তেওঁ অদ্বৈত জ্ঞান স্বীকাৰ কৰে। ই শ্ৰীশঙ্কৰাচাৰ্য্যৰ অদ্বৈতবাদৰ অনুৰূপ। কিন্তু ইয়াৰ মূল উপনিষদ আৰু বিশেষকৈ বেদান্তহে † শ্ৰীশঙ্কৰদেৱে কৰ্ম্মকাণ্ড নামানে।
আন এজন ধৰ্ম্ম প্ৰৱৰ্ত্তক কবীৰো অদ্বৈতবাদী। ৰামানুজৰ শিষ্য ৰামানন্দ তেওঁৰ গুৰু আছিল।
শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনত কবীৰ আৰু ৰত্নাকৰত শ্ৰীশঙ্কৰা-চাৰ্য্যৰ নাম উল্লেখ কৰিছে আৰু আচাৰ্য্যক এক কৃষ্ণ-উপাসক বুলিছে।
- সমস্ত প্ৰাণীক ব্যাপি আছোহোঁ অনন্ত।
বাহিৰে ভিতৰে সমস্ততে ভগৱন্ত॥
যেন ঘটসৱ মাটি মাত্ৰ বিচাৰত।
সেহিমতে ব্যাপি আছো এহি ত্ৰিজগত॥
যত পঞ্চভুত জীৱ আছে চৰাচৰ।
মঞি পৰিপূৰ্ণত দেখিয়ো নিৰন্তৰ॥ (কুৰুক্ষেত্ৰ, ২৪৮)
† ছান্দোগ্য উপঃ, ৬৷২।১-২ আৰু মাণ্ডুক্যো উপঃ, ১৭ দেখা৷