পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/৩০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী


“সচ্চিদাত্মন্যন্যুমুক্তে নিত্যে বিষ্ণু ৰ্ৱিকল্পিতে।
ব্যক্তয়ো ৱিৱিধা সৰ্ব্বা হাটকে কটকাসিৱৎ॥”

 অৰ্থাৎ এই জগৎ একমাত্ৰ ব্ৰহ্মপদাৰ্থেৰে নানা ৰূপে আলোকিত হৈ মায়া দ্বাৰা কল্পিত হৈছে। একমাত্ৰ সুৱৰ্ণৰপৰা যেনেকৈ কেয়ূৰ-কুণ্ডল আদি নানা ৰকম অলঙ্কাৰ নিৰ্ম্মিত হয়, তেনেকৈ একমাত্ৰ ব্ৰহ্মপদাৰ্থৰ- পৰা এই পৰিদৃশ্যমান জগতত নানাবিধ বস্তুৰ উৎপত্তি হৈছে। আচাৰ্য্যৰ মত-বিৰোধীলোকে তেওঁৰ ধৰ্ম্মক মায়াবাদী সন্ন্যাসীৰ ধৰ্ম্ম বুলি বিদ্ৰুপ কৰে।

 শ্ৰীৰামানুজাচাৰ্য্যই শৈৱসকলৰদৰে তিনটি বিষয় মানি লৈছিল। অৰ্থাৎ চিৎ, অচিৎ আৰু ঈশ্বৰ (বা আত্মা জড় পদাৰ্থ আৰু ঈশ্বৰ)। জীৱ আৰু জড় পদাৰ্থ সম্পূৰ্ণৰূপে ঈশ্বৰৰ অধীন। ঈশ্বৰেই সকলোৰে পৰমাত্মা; তেওঁ জীৱ আৰু জড় জগতৰপৰা পৃথক নহয়। জীৱ আৰু জগতো সত্য; মায়া নহয়। চিৎ আৰু অচিৎ ঈশ্বৰৰ অঙ্গ আৰু ঈশ্বৰৰ নিমিত্তেই তিষ্ঠে। ঈশ্বৰৰ স্বাধীনতাত কোনো বাধা নাই। কিন্তু জীৱ আৰু জড়জগৎ সম্পূৰ্ণ ৰূপে ঈশ্বৰৰ অধীন আৰু সেইবাবে ঈশ্বৰৰ তলতীয়া বস্তু বা বিশেষণ। এইবোৰ স্বতন্ত্ৰভাৱে থাকিব নোৱাৰে সেই দেখি বিশিষ্ট ঈশ্বৰ নাম। এই ঈশ্বৰ জীৱ আৰু