পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

 শ্বেতাশ্বতৰ উপনিষদেও শিকায় :—জীৱ, ঈশ্বৰ আৰু প্ৰকৃতি এই তিনিও অনাদি। প্ৰকৃতিতকৈ জীৱ ঈশ্বৰ নাম স্বামী আৰু জ্ঞান-স্বৰূপ। কিন্তু পৰমেশ্বৰত কৈ অনীশ্বৰ, অসমৰ্থ, অস্বামী আৰু অজ্ঞানী। সকলোৰে স্বামী ঈশ্বৰ : জীৱ অনীশ অসমৰ্থ; ঈশ্বৰ সৰ্ব্বজ্ঞ, জীৱ অল্পজ্ঞ; ঈশ্বৰ সৰ্বশক্তিমান, জীৱ অল্পশক্তি, ঈশ্বৰ সৰ্বস্ৰষ্টা, সৰ্বব্যাপ্ত, জীৱ শৰীৰত বন্ধ; ঈশ্বৰ সৰ্বাত্মা, সৰ্বান্তৰ্য্যামী, জীৱ কেৱল শৰীৰাত্মা, ঈশ্বৰ সৰ্ব ঐশ্বৰ্য্যশালী, পূৰ্ণকাম, নিত্যতৃপ্ত আৰু জীৱ অল্পৈশ্বৰ্য্যশালী, অনাপ্ত কাম, লোভী, লালচী। আৰু প্ৰকৃতি সদাই সকলো ৰকমে অচেতন, জড়, অসক্ত আৰু অসমৰ্থ। ইত্যাদি প্ৰকাৰে তিনিওকো ভেদৰ লগত জানি জীৱ মুক্ত হৈ যায়। তিনিওকো ব্ৰহ্ম বুলিলেও ঈশ্বৰতকৈ জীৱ আৰু জীৱতকৈ প্ৰকৃতি অপেক্ষা ক্ৰমে কম কম অজত্ব আৰু ব্ৰহ্মত্বৰ বুলি ধৰিব লাগে। যেনে, :—

‘জ্ঞাজ্ঞৌ দ্বাৱজাৱীশানীশাৱজাহ্যেকা ভোক্তৃভোগ্যাৰ্থযুক্তা।
অনন্তশ্চাত্মা বিশ্বৰূপো হ্যকৰ্ত্তা ত্ৰয়ং যদা বিন্দতে ব্ৰহ্মমেতৎ॥”

(শ্বেতাশ্বতৰোপনিষদ, ১৷৯)

 [৩ দফা]—জীৱ ঈশ্বৰৰ প্ৰভেদ ঋগ্বেদত এইদৰে দেখুৱাইছে :—