পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৫। পঢ়ি শুনি নাপাই তত।
 চাই থাকে কাণি বগলীৰ মত॥

৬। উলুৰ চৰচৰি নদীৰ মোচৰ।
 মাক নজন্মাতে জীয়েকৰ ষোল্ল বছৰ॥

৭। বুজাক বুজাবা ইঙ্গিতে আকাৰে।
 অবুজাক বুজাবা ধাৰা চাপাৰে॥

৮। এক ধানৰ এক চাউল।
 ৰান্ধনী বিনে আউল-জাউল॥

৯। নামক নামে ভজে  নামক নামে ৰজে
  নামক নামে কৰে সেৱ।
 নিজ নাম কই জীৱ তৰি যাই
  ইয়াক নাজানে কেৱ॥

১০। সাগৰে নগৰ  নগৰে সাগৰ
  সাগৰক গিলিছে মাছে।
 এডাল নলৰ  নওটা ডুলি
  তাৰো এক অংশ আছে॥

⸻⸻