পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বৃক্ষ

১)  কৰে পৰ উপকাৰ কিনো কৃপাময়।
 পৰৰসে অৰ্থে জীয়ে ইটো বৃক্ষচয়॥
 থাকে সহি বহি মহা ৰৌদ্ৰ বৃষ্টি বাত।
 আমি সুখে বঞ্চো বহি ইহাৰ ছায়াত॥
 পৰ উপকাৰী তৰু জনম সাৰ্থক।
 সন্তৰ বিমুখ যেন নুহিকে পাৰ্থক॥
 বাকলি পল্লৱ মূল পত্ৰ পুষ্প ফল।
 যেই যিবা চাৱে পাৱে বৃক্ষতসকল॥
 জীৱনৰ সফল দেহীৰ এহি মানে।
 জীয়ে পৰ উপকাৰ কৰি অৰ্থ প্ৰাণে॥

(দশম, ৯২৭ — ৯২৯)

সুৰা-পাণ

১৷ জগতৰ মাজে আছে কত প্ৰাণীগণ।
 আপোন ইচ্ছায়ে মাংস কৰয় ভোজন।
 কৰে সদা, নাৰীসঙ্গ আৰো মদ্যপান।
 ই সবৰ নাহি জানা শাস্ত্ৰৰ বিধান।

....... ........