পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দুৰ্জ্জন

১। দুৰ্জ্জন জনৰ হেনয় চৰিত্ৰ
 পাৱে ধৰি উঠে কান্ধে।
 ছলা ফাৰি চাউল চোবায়ে সিভিতি
 গলত ধৰিয়া কান্দে।

(অষ্টম, ৯৪০)

⸺⸺

সৰ্ব্বজান

১। জানি ইটো তত্ত্ব কৰা থিৰকৰি চিত।
 মোকেসে দেখিবা মাত্ৰ সমস্ত প্ৰাণীত॥
 আপোনাতে দেখিবা ঈশ্বৰ অন্তৰ্য্যামী।
 জ্ঞান দৃষ্টি চাই মোক ফুৰিবা প্ৰণামি॥
 ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল।
 দাতাত চোৰত যাৰ দৃষ্টি সমতুল॥
 নীচত সাধুত যাৰ ভৈল এক জ্ঞান।
 তাকেসে পণ্ডিত বুলি সি সি সৰ্ব্বজান॥

(একাদশ, ২৫৬—২৫৭)

⸻⸻