পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৭। ভাগৱত শাস্ত্ৰে শ্ৰদ্ধা কৰিব নিতান্ত।
 নকৰিব নিন্দা আন শাস্ত্ৰকো একান্ত॥

(নিমি নৱসিদ্ধ, ১৪৫)

৮। যিটো দেৱ ভগৱন্ত  নাই যাৰ আদি অন্ত
  বেদেয়ো নপান্ত যাৰ সীমা।
 তেন্তে বশ্য ভকতিত  হেনসে ভকতি হিত
  ভকতিৰ কি কৈবো মহিমা॥
 জানি এড়া আন মতি  ভকতিত কৰা ৰতি
  ভকতিসে সাধিবে কল্যাণ।
 ভকতিত দিয়া মন  ভকতিসে মহা ধন
  নাই আন ভকতি সমান॥

(দশম, ২৭৫)

৯। নমাৰিবে পশুক এড়িবে মাংস-আশা।
 দেৱকো উদ্দেশি পশু নকৰিবে হিংসা॥

(নিমি নৱসিদ্ধ, ৫৪৮)

⸺x⸺