এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
আদি অন্ত মধ্য তুমি থাকা সৰ্ব্বদাই।
তুমি ব্যতিৰেকে আৰ সত্য আন নাই॥
(ৰত্নাকৰ, ১৩০—১৩২)
৮। তুমিসে কেৱলে সত্য সৱে মায়াময়।
তুমি বিনে সত্য আন বস্তু নাহিকয়॥
(ৰত্নাকৰ, ১১১)
৯। অসন্ত জগতখান তোমাত উদ্ভৱ ভৈল
সস্ত হেন প্ৰকাশে সদায়।
কৰ্ম্ম-জড় মনুষ্যৰ মন মগ্ন ভৈল তাতে
বেদৰ নুবুজে অভিপ্ৰায়। (কীৰ্ত্তন, ১৬৭০)
১। বুলিবা অসত্য যেবে হোৱয় জগত।
কিসক প্ৰকাশ তেৱে সত্য হেন মত॥
ইহাৰ উত্তৰ শুনিয়োক কৃপাময়।
মায়াৰ গুণক তুমি কৰিছা আশ্ৰয়॥
তুমিসে প্ৰমত্ত প্ৰভু ধৰা বহু ৰূপ।
তুমি বিনে বস্তু নাই কহিলো স্বৰূপ॥
(ৰত্নাকৰ, ১১২—১১৩)
১১। জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ।
নিৰঞ্জন আনন্দ স্বৰূপ সৰ্ব্বজান॥
তুমিসে কেৱলে সঁচা সবে মায়াময়।
তেমাতেসে হন্তে হোৱে সৃষ্টি স্থিতি লয়॥
(দশম, ৮১)