পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

সমস্ত ভূতৰে তুমি আছা হৃদয়ত।
তত্ত্ব নাপাই তোমাক বিচাৰে বাহিৰত॥
তুমিসে কেৱলে সত্য মিছা সৱে আন।
জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান॥

(কীৰ্ত্তন, ৫২০—৫২৩)

৫৷ যত জীৱ জঙ্গম  কীট পতঙ্গম
  অগ নগ জগ তেৰি কায়া।
 সৱকহু মাৰি   পূৰত ওহি উদৰ
  নাহি কৰত ভূত-দায়া॥
 ঈশ স্বৰূপে হৰি   সৱঘটে বৈঠহ
  যৈছন গগনে বিয়াপি৷ (বৰগীত ৪)
৬। তুমি সত্য বন্ধু  তোমত প্ৰকাশে
  জগত ইটো অনন্ত।
 জগততো সদা  তুমিয়ে প্ৰকাশা
  অন্তৰ্য্যামী ভগৱন্ত॥ (কীৰ্ত্তন, ১৬৬৩)

৭। ইটো জগতৰ তুমি আদি মধ্য অন্ত।
 তুমি বিনে আন একো বস্তু নাহিকন্ত॥
 যেন ঘট মাটি ব্যতিৰেকে আন নাই।
 ঘট ভাঙ্গিলেও মাটি হোৱে সমুদাই॥
 ঘটৰ পূৰ্ব্বত মাটি থাকে নিৰন্তৰে।
 সেহিমতে তুমি প্ৰভু ইটো জগতৰে॥