পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩। শুনা সৰ্ব্বজন কহোঁ সাক্ষাত।
 মূঢ়ৰ মোলত নাহি সঞ্জাত॥
 বোলোক আসি ভাগৱত চাই।
 তেবেসে জানো তাৰ মুনিষাই॥
 পুৰাণ-সূৰ্য্য মহা ভাগৱত।
 বেদান্তৰো ইটো পৰম তত্ত্ব॥

(কীৰ্ত্তন, ১০৪—১০৫)

৪। কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
 কৰিয়ো কীৰ্ত্তন সমস্ত জনে॥
 কলিযুগে ইটো মহা উপায়।
 হৰি-নাম লৈলে মুকুতি পায়॥
 বেদান্তৰো তত্ব শুকৰ বাণী।
 জানি হেলা এড়া সমস্ত প্ৰাণী॥

(কীৰ্ত্তন, ১৬৪৮—১৬৪৯)

৫। কৰি নিগদতি  শুনিয়ো নৃপতি
 কহো বেদান্তৰ তত্ত্ব৷
 স্বভাৱে যি কৰে  দান হোম মহা
 তপ জপ তীৰ্থ ব্ৰত॥
 কায়-বাক্য-মনে  যতেক আচৰে
 লৌকিক বৈদিক কৰ্ম্ম।
 হুয়া এক মত  ঈশ্বৰ কৃষ্ণত
 অৰ্পিব সিসৱ ধৰ্ম্ম॥