ভজে মাধৱক নাম স্মৰে সৰ্ব্বক্ষণ।
একেবাৰে সিজে তাৰ তিনি প্ৰয়োজন॥
প্ৰথমে ওপজে প্ৰেম লক্ষণ ভকতি।
গৃহ শৰীৰতো পাছে মিলে বিৰকতি॥
প্ৰেমৰ আম্পদ কৃষ্ণ-মুত্তি স্ফুৰ্ত্তি হয়।
একে কালে মিলে আসি সম্পদ ত্ৰিতয়॥
আতিশয় ক্ষুধাত ভুঞ্জন্তে যেন মতে।
সিজে তিনি প্ৰয়োজন প্ৰত্যেক গ্ৰাসতে॥
হোৱে তুষ্ট দেহ পুষ্ট ক্ষুধা গুচি যায়।
প্ৰেম ভকতিৰ ৰাজা শুনা অভিপ্ৰায়॥
অল্প ভকতিত হোৱে প্ৰেম অতি তুষ্ট।
কিঞ্চিত ভোজনে যেন কিছুমান তুষ্ট॥
উপজে পৰম প্ৰেম একান্ত ভজনে।
মিলে মহা তুষ্টি যেন প্ৰচুৰ ভোজনে॥
প্ৰেমভাৱে এহিমতে একান্তে ভজন্তে।
পৰম প্ৰসাদ পাৱে মাধৱত হন্তে॥
বিৰকতি ভকতি ঈশ্বৰ মহাজ্ঞান।
উপজে ভকতে পাৱে আপুনি প্ৰমাণ॥
হোৱে সি শান্ত গুচে বিষয় ব্যাকুল।
কদাচিতো নেৰে আৰ কৃষ্ণ-পদ-মূল॥
বেদ শিৰোৰত্নে কহে ইহাক সম্প্ৰতি।
কৈলো ভাগৱত ধৰ্ম্ম তোমাক নৃপতি॥
(নিমিৰ প্ৰতি কবি; নিমি নৱসিদ্ধ, ৭২-৭৭)
পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী