পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

তথাপি শুনয়  বচন বোলয়
 বস্তুক সবে ধৰয়।
গতিরো কৰয়  বসিয়ো থাকয়
 কাহাকো কৰন্ত হত।
জগতৰে কৰ্ত্তা  পালয় সৱাকো
 সংহৰে সৱ জগত॥
নিশ্চল নিৰ্ম্মল  নাহিকয় সঙ্গ
 একো শ্ৰেষ্ঠ নাহিকয়।
বস্তু পৰিগ্ৰহ   নাহিকয় তান
 কিছো কৰ্ম্ম নকৰয়॥
স্ৰজিয়া জগত  সদা থাকা তাতে
 অতি উদাসীন ভাৱে।
নাহিকে আকুল  সংসাৰৰ দোষে
 তাহাক একো নপাৱে॥ (ৰত্নাকৰ, ৭৬৪—৭৬৬)
তুমি জগৰত গতিমতি পিতামাতা॥
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক॥
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ॥
তুমি পশু-পক্ষী সুৰাসুৰ তৰু-তৃণ।
অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন॥
তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বক্ষণে।
তুমি আত্মা তোমাক নজানে একোজনে॥