পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

১০। মোক্ষ আদি কৰি আছে পুৰুষাৰ্থ যত।
 নাচয় সৎসঙ্গ অতি সবাৰো শিৰত॥
 মহন্ত জনৰ সঙ্গ অৰ্দ্ধক্ষণ মান।
 তাকো স্বৰ্গপদ-মোক্ষে নুহিকে সমান॥
 মনুষ্যৰ ৰাজপদ আদি ভোগচয়।
 নুহিকে সমান তাক কি কৈবে লাগায়॥

(ৰত্নাকৰ ভা, ৭১-৭২)

১১। তোমাৰ ভক্তৰ সঙ্গ পায়া অনুপম।
 ধৰ্ম্ম অৰ্থ কাম মোক্ষ কৰে তৃণ সম॥

(কীৰ্ত্তন, ১৬৫৮)

১২। উদ্ধৱৰ আগে ভগৱন্ত দেৱ হৰি।
 কহন্ত ৰহস্য কথা অতি যত্ন কৰি॥
 শুনিয়ো উদ্ধৱ কহোঁ অঙ্গীকাৰ কৰি।
 আন ধৰ্ম্ম নুহিকয় সৎসঙ্গত সৰি॥
 যোগ যাগ ধৰ্ম্ম ত্যাগ তপ তীৰ্থ-স্নান৷
 নিয়ম সংযম ব্ৰত জপ যজ্ঞ দান॥
 অগ্নিহোত্ৰ আদি কৰি আন ধৰ্ম্ম যত।
 নকৰে সিমতে মোৰ বশ্য স্বৰূপত॥
 সাধুসঙ্গে আমাক যিমতে বৰে বশ্য৷
 কহিলো তোমাত ইটো পৰম ৰহস্য॥

(ৰত্নাকৰ ভা:, ৮৪ - ৮৬)