পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৭
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

মোক মাত্ৰ এক  কৰিলে আশ্ৰয়
 ভৈলা অতি সাৱধান।
মান্য লভিবাক বাঞ্চা নকৰন্ত
 আনক কৰন্ত মান॥
আপদ কালত কৃপণ প্ৰভাৱ
 নাহিকে সাধু সবৰ।
সংসাৰৰ ছয়- উৰ্ম্মিক জিনিল
 শোক মোহ নিৰন্তৰ॥
পৰম সহন- শীল সাধুসব
 জ্ঞানৱন্ত অতিশয়।
মহা কাৰুণিক বস্তু লোভ এড়ি
 কৰুণায়ে প্ৰৱৰ্ত্তয়॥
কদাচিত লোক বঞ্চক নুহিকে
  সাধুসব যত যত।
জ্ঞান উপদেশ দিবাৰ সামৰ্থ্য
  হোৱয় সাধু সমষ্ট॥
শুনা সখি আৰু বেদৰূপে মই
 কহি আছো ধৰ্ম্মগণ।
আচৰিলে গুণ নাচৰিলে দোষ
 জানিয়া আক যিজন॥
ভকতিত সবে ধৰ্ম্ম সিদ্ধ হৈব
 কৰিয়া দৃঢ় নিশ্চয়।