পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৪
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী।

৬। জগতৰ মহা গুৰু প্ৰভু ভগৱন্ত।
 ব্ৰহ্মাদিয়ো যাৰ পাদ-পঙ্কজ সেৱন্ত॥

(ৰত্নাকৰ ভাঃ, ৭৫৫)

৭। তুহু জগত গুৰু দেৱক দেৱা।
 তোহাৰি চৰণে ৰহোক মোহি সেৱা॥
 মুখে যোনো ছোড়োহো তুৱা গুণনাম।
 মাগো অতয়ে বৰ তোহাৰি ঠান॥

(পয়াৰ, পাৰিজাত হৰণ নাট)

৮। বাঢ়ি আছে মন-শত্ৰু পৰম দুৰ্জয়।
 আত্মা ঈশ্বৰক বঞ্চিলেক অতিশয়॥
 গুৰুৰূপ হৰি পদ-সেৱা অস্ত্ৰ ধৰি।
 সাৱধান হুয়া ছেদিয়োক মন-বৈৰী॥
 গুৰু-সেৱা বিনে অন যতেক উপায়৷
 দুৰ্জয় মনক আক জিনন নযায়॥
 হেন জানি গুৰু-পদ-সেৱা কৰি সাৰ।
 হৰিত ভকতি কৰি তৰিয়ো সংসাৰ॥

(ৰত্নাকৰ ভাঃ, ২৯-৩০)

৯। মাধৱ মধুসূদন দেৱ
 দাস উদ্ধাৰিয়া নিয়ো।
 তুমিসি পৰম গুৰু নাৰায়ণ
 মোক উপদেশ দিয়ো॥

(কীৰ্ত্তন ঘোষা, ১০৮)