পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/২১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(গ) গুৰু

১। ভক্তি-জ্ঞান-দাতা গুৰু পূজ্য-অতিশয়।
 এহি হেতু গুৰু মই কহিলো ত্ৰিতয়॥
 সংসাৰত যাৰ হন্তে লভয় জনম।
 আদ্য গুৰু পিতৃ সিটো পূজনী উত্তম॥
 আন সব যত যত পূজনী আছয়।
 সবাতো কৰিয়া পিতৃ পূজনী হোৱয়॥
 কহিলো প্ৰথম গুৰু শুনিলা ইহাক।
 শুনিয়ো দ্বিতীয় গুৰু বোলয় যাহাক॥
 গুণৱন্ত সন্ত অতি শুদ্ধ দ্বিজোত্তম।
 সদ-কৰ্ম্মশালী মহা বেদজ্ঞ পৰম॥
 যজ্ঞ-সূত্ৰ লৱে তেন্তে বেদ অভ্যাসয়।
 ইহাকে দ্বিতীয় গুৰু বুলিয় নিশ্চয়॥
 মই যেন ঈশ্বৰ পৰম পূজ্যত্তম।
 সিয়ো গুৰু সেহিমতে পূজনী উত্তম॥
 জন্মদাতা পিতৃকো কৰিয়া পূজ্য আতি।
 তৃতীয় গুৰুৰ কথা শুনা কৰ্ণ পাতি॥
 সবে আশ্ৰমীতে কহে ঈশ্বৰ জ্ঞানক।
 দেই উপদেশ যিটো ভকতি পন্থক॥
 সিয়োজন জানা মই সাক্ষাতে ঈশ্বৰ।
 জগততে পূজ্য আৰ নাহি তাত পৰ॥