এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী
অন্য দেৱীদেৱ নকৰিবা সেৱ
নাখাইবা প্ৰসাদ তাৰ।
মূৰ্ত্তিকো নাচাইবা গৃহো নপশিবা
ভক্তি হৈব ব্যভিচাৰ॥
এক কৃষ্ণদেৱ কৰিয়োক সেৱ
ধৰিয়ো তাহান নাম॥
কৃষ্ণ দাস হুয়া প্ৰসাদ ভুঞ্জিয়া
হস্তে কৰা তান কাম॥
কৃষ্ণৰ স্থানক যত্নে চলিয়োক
সাঞ্চিয়ো পূণ্যৰ দাম।
কৃষ্ণৰ কিঙ্কৰে কহে নিৰন্তৰে
ডাকি বোলা ৰাম ৰাম॥
(দ্বিতীয়, ১২৪-১২৫)
৩। নকৰিবা সেৱা সখি আন দেৱতাক।
নুহি জানা ভকতি আমাৰ ব্যতিৰেক॥
(একাদশ, উদ্ধৱৰ প্ৰতি শ্ৰীকৃষ্ণ, ১৯৩৭৩)
৪। হেন জানি ভজা মোক বান্ধৱ অৰ্জ্জুন।
কৰিয়ো কীৰ্ত্তন মুখে মোৰ নাম গুণ॥
একচিত্তে তুমি মোক মাত্ৰ কৰা সেৱ।
পৰিহৰা দূৰতে যতেক আন দেৱ॥
নলঙ্ঘিবা মোহোৰ বাক্য মহাভাগ॥
বেদৰ ধৰ্ম্মক মানে কৰা পৰিত্যাগ॥