পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৫
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

অপ্ৰয়াসে সিজৈ সংসাৰৰ ধৰ্ম্ম যত।
জানি অহৰ্ণিশে নাম নেড়িবা মুখত॥
যাহাৰ মুখত থাকে হৰি হেন নাম।
গঙ্গা গয়া কাশী পুষ্কৰতো নাহি কাম॥
সমস্ত শাস্ত্ৰৰ ইসে পৰম যুগুতি।
বোলা ৰাম ৰাম পাইবা হাততে মুকুতি॥

(দশম, ১০৬৩১—১০৬৩৩)

৪২। পায়া আছা জন্ম যিটো  দেৱৰ বাঞ্চনি ইটো
 আক আবে ব্যৰ্থ কৰা কিক।
 যত মহা যজ্ঞ দান  কোটি শত তীৰ্থ-স্নান
 হৰিনাম সবাতো অধিক॥
 এতো নসম্পঞ্জে মতি  কলিত নাামেসে গতি
 হেন জানি এড়া আন কাম।
 কেনে আপুনাক বঞ্চা  অক্ষয় পূণ্যক সঞ্চা
 ডাকি সবে বোলা ৰাম ৰাম॥

(দশম, ১১০০৫)

৪৩। যিটো চণ্ডালৰ  জিহ্বাৰ আগত
 হৰি-গুণ-নাম ৰিজৈ।
 তপ জপ যজ্ঞ  হোম মহাদান
 জানা প্ৰতি নিতে সিজৈ॥
 কুকুৰকো খায়  হেন ম্লেচ্ছ সবো
 হৰিনাম লৱৈ মাত্ৰ।