পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

৩৩। যেন ফল পাৱে যত যজ্ঞ তুলা-দানে।
 যেন ফল পাৱে কোটি কোটি তীৰ্থস্নানে॥
 পৰম সন্ন্যাসে সাধে যি গতি মৰণে।
 পাৱৈ সৱ ফল এক নাম নাম সুমৰণে॥
 মহা ধৰ্ম্ম-কৰ্ম্ম যত আছে সংসাৰত।
 নাম সুমৰিলে সৱে সিজিবে সমস্ত॥
 উঠে নৃপতিৰ লগে যেন মন্ত্ৰী-পাত্ৰ।
 সেহিমতে সিঝে পুণ্য নাম লৈলে মাত্ৰ॥

(ভক্তি প্ৰদীপ, ১৬৩ --১৬৪)

৩৪। হৰিক স্মৰণে জগতৰে পুণ্য পায়।
 হৰিনাম বিনে নাই তৰণ উপায়॥
 কৰে কৰ্ম্ম আনসে হৰিত নেদি হিয়া।
 জানা যেন ফুৰাৱে চোৰেসে ভাৱ দিয়া॥

(দশম, ১৫৩২)

৩৫। পড়ে বা পিছলে জ্বৰ-তাপ পীড়া কৰে।
 সৰ্পে বা দংশন্তে মাধৱৰ নাম ধৰে॥
 অনিচ্ছায়ে বোলে হৰি নাহিকে চেতনা।
 আউৰ তাৰ পাছে জানা যমৰ যাতনা॥

(ষষ্ঠ, ১৮৫)

৩৬। ঘোষিয়ো হৰি হৃদিৰূপ ধৰি ঘোষিয়ো হৰি।
 নাহি আন পুণ্য নামক সৰি॥

(কীৰ্ত্তন ঘোষা, ৬)