পৃষ্ঠা:মহাপুৰুষ শঙ্কৰদেৱৰ বাণী.pdf/১৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬২
মহাপুৰুষ শঙ্কৰদেৱৰ বাণী

নাহিকৈ সংশয় আত এড়ায়ো মৃত্যুৰ হাত
  লৈয়ো এক শৰণ কৃষ্ণত॥

(দশম, ১৯০৬২)


শৰণৰ চাৰিবস্তু

(ক) নাম।

১। যতয়ে পৰমা  ধৰমা কৰমা
  সবকহু ৰাজা নাম।

(ভটিমা, কালিদমন নাট)

২। দেৱক উপৰি  ৰাজা মাধৱ
  ধৰম উপৰি নাম।
কোটি কলপক পাতক নাশন
  ডাকি বোলহু ৰাম ৰাম॥

(মুক্তিমঙ্গল, কালিদমন নাট)

৩। আছে যত যত যজ্ঞ ধৰ্ম্ম সংসাৰৰ।
  জানিবাহা সবে হৰিনামৰ কিঙ্কৰ॥
  পুণ্য অৰণ্যত হৰিনাম মহা সিংহ।
  পলাই পাপ-হস্তী যেন শুনি তাৰ ৰিঙ্গ॥

(ষষ্ঠ, ৮৬)